জি-২০ আৰু ৱাই ২০ সন্মিলনৰ (G-20 and Y20 Summit) লগত সংগতি ৰাখি ডিফু চৰকাৰী মহাবিদ্যালয়ত (Diphu Government College) অনুষ্ঠিত হয় এই কৰ্মশালা (Workshop)।জিলা চৰকাৰী মহাবিদ্যালয়ৰ উদ্যোগত আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতে কাৰবি আংলং জিলা পিৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয় উক্ত কৰ্মশালা।
ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙ মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্মশালা উদ্ধোধন কৰে৷সমল ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে গাঁৱলৈ গৈ জলবায়ু পৰিৱৰ্তনৰ (Climate Change) ওপৰত সজাগতা (Awareness) সৃষ্টি কৰিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে৷বৰষুণৰ পৰিমাণ কমি যোৱাৰ বাবে জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে আৰু ইয়াৰ ভাৰসাম্য ৰক্ষাৰ বাবে সকলোলৈকে আহ্বান জনাইছে বিধায়ক বিদ্যাছিং ইংলেঙে৷
জি ২০ আৰু ৱাই ২০ সন্মিলনত অংশগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘স্পৰ্টচ এজ এ কেৰিয়াৰ ইন ইণ্ডিয়া’ থীম হিচাপে লৈ এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়৷উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অজিত কুমাৰ তামুলী আৰু ভোগোল বিভাগৰ মুৰব্বী অধ্যাপক আতুৰ কিৰি ইংতি উপস্থিত থাকে৷জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ ওপৰত আলোকপাত কৰে সমল ব্যক্তিদ্বয়ে ৷