
আজি ডিফুস্থিত (Diphu based) কাছা খেলপথাৰ (KASA Playground) ত বিজেপি, কাছা আৰু কেএএফএচিৰ যৌথ উদ্যোগত ‘এক্সাম ৱাৰিয়ৰ্ছ’ (Exam Warriors) শীৰ্ষক চিত্ৰাঙ্কণ প্ৰতিযোগিতা (Painting Competition) অনুষ্ঠিত হৈ যায়৷ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্সাম ৱাৰিয়ৰ্ছ’ নামৰ পুথিখনৰ মন্ত্ৰৰ অংশ স্বৰূপে আজিৰ চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে ৷

সাংসদ হৰেণ ছিং বে’ই এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পৰা চাঁপৰ পৰা মুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫টা বিশেষ মন্ত্ৰ সম্বলিত ২০০ পৃষ্ঠা জোৰা এক পুথি লিখি উলিয়াইছে৷
সেই মন্ত্ৰসমুহৰ অংশ স্বৰূপে চিত্ৰাঙ্কন প্ৰতিযোগিতা অন্যতম৷ ছাত্ৰ-ছাত্ৰীসকলে যাতে পৰীক্ষাক পৰীক্ষা নুবুলি উৎসৱ হিচাপে পালন কৰে এইটোৱেই হল এনেবোৰ প্ৰতিযোগিতাৰ লক্ষ্য আৰু উদ্দেশ্য ৷সেয়ে আজি ডিফুত ছাত্ৰ-ছাত্ৰীৰ মাজত এই চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ এই প্ৰতিযোগিতাৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকলক পুৰষ্কৃত কৰা হ’ব বুলি কয় সাংসদগৰাকীয়ে ৷
আজিৰ অনুষ্ঠানত প্ৰতিযোগিতাখনৰ সমন্বয়ক হিছাপে কাৰবি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ আৰু কাৰবি আংলং ফাইন আৰ্টছ আৰু ক্ৰাফ্ট এছোচিয়েছনৰ সমন্বয়ক তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নবীন তেৰাঙ উপস্থিত থাকে৷
আনহাতে আজি চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ পিছত অহা ২৭ জানুৱাৰীত পৰীক্ষা পে চৰ্চা’ শীৰ্ষক অনুষ্ঠানো অনুষ্ঠিত কৰা হ’ব বুলি সমন্বয়ক ডঃ পংকজ টেৰণে সংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জানিবলৈ দিয়ে৷