চলিত ২০২৩ বৰ্ষৰ গণৰাজ্য দিৱস( Republic Day )হ’ব কিছু পৃথক। ৭ দিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ ২৩ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰী লৈকে ৰূপায়ণ হ’ব গণৰাজ্য দিৱস। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ পৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন অৰ্থাৎ পৰিক্ৰমা দিৱসৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী অন্ত পৰিব মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ দিনটোত। আনহাতে, গণৰাজ্য দিৱসত ভি আই পিৰ আসন সংখ্যা হ্ৰাস কৰাৰ লগতে দিল্লীৰ কৰ্তব্যৰত ৰিক্সা চালক, শাক-পাচলি বিক্ৰেতা তথা শ্ৰমিক সকলে গণৰাজ্য দিৱসৰ প্ৰথম শাৰীত বহাৰ সুযোগ লাভ কৰিব।