নগাঁৱৰ অগ্ৰনী নাৰী শিক্ষানুষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত অনুষ্ঠিত এক মনোজ্ঞ বক্তৃতা অনুষ্ঠানত ইংলণ্ডৰ গৱেষক ছাত্ৰ জৰ্জ এণ্ডাৰছনে (George Anderson)অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপিকা ড° নমিতা কলিতাই আঁত ধৰা বক্তৃতা অনুষ্ঠানৰ শুভাৰম্ভ কৰে মহাবিদ্যালয় খনৰ আভ্যন্তৰীণ বহিঃমূল্যায়ন কোষৰ সমন্বয়ক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ৰঞ্জিত বৰুৱাই৷
অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ইংলেণ্ডৰ গৱেষক ছাত্ৰ জৰ্জ এণ্ডাৰছনে “Yogic Path: Emperical Realiasation“ৰ ওপৰত গভীৰ তথ্য সম্বলিত অভিজ্ঞতাপূৰ্ণ বক্তৃতা আগবঢ়ায় ৷ গুনোসৎৱৰ মাজতে সীমিত সংখ্যক শিক্ষক আৰু ছাত্ৰীৰ মাজত অনুষ্ঠিত উক্ত দাৰ্শনিক বক্তৃতাত জ্ঞান বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কিছু সংখ্যক ছাত্ৰীয়েও অংশগ্ৰহণ কৰে ৷
জৰ্জ এণ্ডাৰছনৰ বক্তৃতাৰ অন্তত অধ্যাপিকা ড° নমিতা কলিতাই ছাত্ৰী সকলক উদ্দেশ্যি বক্তা গৰাকীৰ বক্তৃতাৰ ওপৰত পৰ্যালোচনা আগবঢ়ায় ৷ বক্তৃতা অনুষ্ঠানত নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড° বলীন কুমাৰ ভূঞাকে ধৰি কেইবাগৰাকীও অধ্যাপক – অধ্যাপিকাই অংশগ্ৰহণ কৰে৷ বক্তৃতাঅনুষ্ঠানটো সফল কৰি তোলাৰ বাবে অধ্যাপিকা ড° নমিতা কলিতাই উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷