বোকাখাতৰ সুসন্তান ৰক্তিম হাজৰিকা (Raktim Hazarika, the son of Bokakhat) সম্প্ৰতি ইউৰোপৰ চেকশ্লভাকিয়াৰ প্ৰাগ চহৰ (Prague City of Czechoslovakia, Europe)ত প্ৰাগ ফিল্ম স্কুল (Prague Film School)ত এবছৰীয়া পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে বোকাখাত অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। বোকাখাতৰ ম’হমাইকী গাঁৱৰ বাসিন্দা ৰক্তিম হাজৰিকাই বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ৰ পৰা বি চি এ-ৰ স্নাতক ডিগ্ৰী লাভ কৰে।
ছবিৰ সৈতে জড়িত হাজৰিকাই বোকাখাতৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা হোৱা আন এক যুৱ প্ৰতিভা ধৃতিমান কাকতিৰে যুটীয়াভাৱে ‘দ্যা মেন হু স্পীকছ’ তথ্যচিত্ৰ নিৰ্মাণ কৰি বিশ্বৰ ৪২ ছবিৰ ভিতৰত প্ৰকৃতি বিষয়ক শ্ৰেষ্ঠ চুটি ছবি হিচাবে নিৰ্বাচিত হৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
তেওঁ চীনৰ মাকাও চহৰত দহদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। এই যাত্ৰাৰ শুভক্ষণত ৰক্তিমলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছে বোকাখাতস্থিত উজনি অসমৰ অন্যতম প্ৰকৃতি সুৰক্ষা স্বেচ্ছাসেৱী সংগঠন গ্ৰাছ, বোকাখাতৰ লগতে অনেক ব্যক্তি,দল সংগঠনে। পিতৃ সঞ্জীব হাজৰিকা আৰু মাতৃ ৰিজু হাজৰিকাৰ দুটি সন্তানৰ জ্যেষ্ঠ তথা একমাত্ৰ পুত্ৰ ৰক্তিম। ৰক্তিমে ইতিমধ্যে কেইবাখনো ছুটি ছবি, বিজ্ঞাপন, এলবামত কেমেৰা, সম্পাদনা কৰি মুম্বাই, অসমত সুখ্যাতি লাভ কৰিছে।