প্ৰায় বিলুপ্ত হৈ গৈছে এই প্ৰজাতি। কানপুৰৰ কৰ্ণেলগঞ্জৰ ঈদগাহ সমাধিস্থলৰ পৰা উদ্ধাৰ হয় তেনে এটা শগুন। উত্তৰ প্ৰদেশৰ বন বিভাগৰ (Forest Department of Uttar Pradesh) হাতত গতাই দিয়া হৈছে এই বিৰল প্ৰজাতিৰ শগুনটো (Rare species of vultures)। নাম হিমালয়ান গ্ৰীফন (Name Himalayan Griffon)।
বিৰল শগুনটো উদ্ধাৰ হোৱাত কানপুৰৰ গাঁৱৰ (vulture was rescued from Kanpur’s village) ৰাইজে উল্লাস প্ৰকাশ কৰে। বহু লোকে চৰাইটোৰ সৈতে ফটো উঠে। হিমালয়ত পোৱা চৰাইৰ ভিতৰত গ্ৰীফন অন্যতম বৃহৎ প্ৰজাতি।
ইয়াৰ পাখিৰ দৈৰ্ঘ্য ছয় ফুট। ভাৰতীয় বন সেৱাৰ বিষয়া প্ৰবীণ কাছৱানে যোৱা বছৰ টুইট কৰি কয়, “হিমালয়ান গ্ৰীফন শগুণ এতিয়া সংকটজনকভাৱে বিপন্ন হৈ পৰিছে। এই প্ৰজাতিক পৰিৱেশতন্ত্ৰৰ অভিযন্তা বুলি কোৱা হয়।” যোৱা বছৰ তেওঁ এটা গ্ৰীফন শগুনক পুনৰ সংস্থাপন কৰিবলৈ সক্ষম হৈছিল।
কাছৱানে লগতে কয় যে প্ৰতিটো গ্ৰীফন শগুনে ৪০ৰ পৰা ৪৫ বছৰ জীয়াই থাকে। প্ৰাপ্তবয়স্কই ওখ ঠাইত বাস কৰে। প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই ইহঁত প্ৰব্ৰজনকাৰী। গ্ৰীফনে ইয়াৰ বিশাল ডেউকাৰ বাবে অতি ওখকৈ উৰিব পাৰে। ওপৰৰ পৰা মৃতদেহ চাই সি নামি আহে। কোৱা হয় যে ইহঁতে মৃতদেহ খোৱাৰ বাবে মানুহৰ মাজত ৰোগ কমকৈ বিয়পে। বিশেষজ্ঞসকলৰ মতে, হিমালয়ৰ গ্ৰীফন শীতকালত তৰাইন অঞ্চললৈ নামি আহে।