দিল্লী, পঞ্জাবকে ধৰি উত্তৰ পশ্চিম ভাৰতৰ (Delhi, Punjab, North west India) কিছু অংশ কঁপাইছে শীতল ঢৌৱে (cold wave is shaking)। সোমবাৰে পুৱা উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্য সম্পূৰ্ণৰূপে কুঁৱলীৰে (Foggy) আৱৰি ধৰে। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি, কুঁৱলীৰ প্ৰভাৱৰ বাবে ৰাজ্যসমূহৰ দৃশ্যমানতা শূন্যলৈ (Visibility zero) হ্ৰাস পাইছে।
দেওবাৰে দিল্লীৰ সৰ্বনিম্ন উষ্ণতা ১.৯ ডিগ্ৰী চেলছিয়াছ। পূৰ্বৰ অভিলেখ অনুসৰি, যোৱা দুবছৰত বছৰৰ আৰম্ভণিতে তাপমাত্ৰা ইমান হ্ৰাস পোৱা নাই। কেৱল দিল্লী আৰু পঞ্জাবেই নহয়, মধ্য আৰু পূব ভাৰতৰ কিছু অংশ শীতৰ কম্পনত জৰ্জৰিত৷ ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা বহু পৰিমাণে হ্ৰাস পাইছে। বতৰ বিজ্ঞান কাৰ্যালয়ৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৫.৩০ বজাত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰীয়া অঞ্চলত দৃশ্যমানতা প্ৰায় ৫০ মিটাৰ আছিল।
প্ৰচণ্ড কুঁৱলীৰ বাবে যাতায়াত ব্যাহত হয়। সোমবাৰে পুৱা ৰাজধানীৰ দৃশ্যমানতা ২০০ মিটাৰলৈ হ্ৰাস পায়। পথ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ পথত লাহে লাহে গতি কৰে যান-বাহন। প্ৰচণ্ড কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰত জাৰি কৰা হৈছে সতৰ্কবাণী। ৪০ খন বিমানে সমস্যাৰ সন্মুখীন হৈছিল যদিও নিৰ্ধাৰিত সময়তকৈ কিছু পিছত গন্তব্য স্থানত উপস্থিত হয়। লগতে দৃশ্যমানতা কম হোৱাৰ বাবে ৰে’লৰ চলাচল ব্যাহত হৈ পৰে। ৰে’ল কৰ্তৃপক্ষই প্ৰদান কৰা তথ্য অনুসৰি, নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ ২৯খন ৰে’ল প্ৰৱেশ কৰে। ৰে’লসমূহে সৰ্বাধিক দুঘণ্টা পলম কৰি প্লেটফৰ্মত প্ৰৱেশ কৰে।
দেওবাৰে নিশা ৰাজধানী আৰু পঞ্জাবৰ ভাটিণ্ডাত কিছু অংশত দৃশ্যমানতা শূন্যলৈ হ্ৰাস পোৱা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থানৰ কিছু অংশও কুঁৱলীৰে আবৃত। বতৰ বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছে যে ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়কে ধৰি ৰাজধানীৰ ওপৰত শীতপ্ৰবাহৰ পৰিস্থিতি অটুট থাকিব। আগন্তুক কেইদিনমান উক্ত ৰাজ্যসমূহত এই পৰিস্থিতি অব্যাহত থাকিব। কিন্তু পশ্চিমীয়া ধুমুহাৰ বাবে হাড়কপোৱা ঠাণ্ডাৰ প্ৰকোপৰ পৰা কিছু সকাহ পাব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে।