সমগ্ৰ শিক্ষা অসমৰ অধীনত আৰু নগাঁও জিলা প্ৰশাসনৰ (Nagaon District Administration) সহযোগত আজি নগাঁও জিলাত “আৰোহণ” আঁচনিৰ শুভাৰম্ভ (Launch of “Aarohan” scheme) কৰা হয়। উল্লেখ্য যে অসম চৰকাৰৰ কেবিনেটৰ (Cabinet of Government of Assam) নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে প্ৰদান কৰা নিৰ্দেশ অনুসৰি আৰু ৰাজ্যপালৰ অধিসূচনা মৰ্মে আজি নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সমগ্ৰ শিক্ষা অসমৰ অধীনত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও জিলাত “আৰোহণ” আঁচনিৰ শুভাৰম্ভ কৰা হয়।
আনহাতে এই আঁচনিৰ অন্তৰ্গত সমগ্র শিক্ষা অসমৰ অধীনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মেধাৱী ছাত্ৰ-ছাত্ৰীক একোজনকৈ মেণ্টৰ নিয়োগৰ ব্যৱস্হা আছে। সেই অনুসৰি ২০২২-২৩ বৰ্ষত জিলাখনৰ চৰকাৰী বিদ্যালয়ৰ পৰা নৱম শ্ৰেণীৰ ২৩৩ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰা হয়।
এইসকল মেধাৱী ছাত্ৰ-ছাত্রীৰ বাবে ইতিমধ্যে জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষকৰ ভিতৰৰে ২১২ গৰাকী মেণ্টৰ বাচনি কৰা হৈছে । এই সকল মেন্টৰে দায়িত্ব সহকাৰে ছাত্ৰ-ছাত্ৰী সকলক দ্বাদশ শ্ৰেণীলৈকে আগবঢ়াই নিব। আজি আঁচনিৰ উদ্ধোধনী অনুষ্ঠানত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত উপায়ুক্ত(শিক্ষা) প্ৰশান্ত বৰুৱা, জিলা শিক্ষা পৰিদৰ্শক, সমগ্র শিক্ষা অসমৰ জিলা প্ৰগ্ৰেম বিষয়া আৰু আমন্ত্ৰিত বাচনিকৃত মেণ্টৰ সকল উপস্থিত থাকে।