সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে বুধবাৰে অসমৰ ২১গৰাকী ব্যক্তিলৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান (The state’s highest civilian honour) ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ২০২২ ঘোষণা (2022 Declaration) কৰে অসম চৰকাৰে (Assam Government)। এই বঁটাৰ বাবে নাম ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে বঁটা প্ৰাপকসকলক শুভেচ্ছা জনায়।
আজি ঘোষণা কৰা এই বঁটাৰ ২০২২ বৰ্ষৰ অসম চৰকাৰৰ শ্ৰেষ্ঠ অসামৰিক বঁটা অসম বৈভৱ সন্মান (Assam Vaibhav Samman) প্ৰদান কৰা হয় বিশিষ্ট কৰ্কট ৰোগ চিকিৎসক ডাঃ তপন শইকীয়াক (Cancer Doctor Dr Tapan Saikia)।
আনহাতে, অসম সৌৰভ বঁটা লাভ কৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, বিশিষ্ট ফুটবল খেলুৱৈ গিলবাৰ্টচন চাংমা, বিজ্ঞানী ডঃ বিনয় কুমাৰ শইকীয়া আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ শশীধৰ ফুকনক।আন্তৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়া আন্তৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়া।
ইফালে অসম গৌৰৱ বঁটা লাভ কৰিছে ধৃতিমালা ডেকা, দেৱজিত বৰ্মন, ৰুষ্টম বসুমতাৰী, মানজে লা, বিনয় হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী, শীলা গোৱালা, ডঃ যোগেশ দেউৰী, ডঃ পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মনথাং মাৰ, ডঃ ধ্ৰুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী আৰু ডাঃ ইফটিকাৰ আহমেদে।