নতুন দিল্লীঃ ফ্ৰান্সৰপৰা ৰাফেল জেট ক্ৰয় সম্পৰ্কত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰখনক সৰ্বোচ্চ ন্যায়ালয়ে সেউজ সংকেত প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কৰা ‘চকীদাৰ চোৰ’ মন্তব্য সম্পৰ্কটো উচ্চতম ন্যায়ালয়ে তেওঁক সকীয়নি প্ৰদান কৰিছে যদিও আশ্বস্ত হ’ব পৰা নাই গেৰুৱা দলটো। মূলতঃ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ৰাফেল কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰি বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা চলাইছিল বুলি এতিয়া মতপোষণ কৰিছে বিজেপিয়ে। সেয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অপপ্ৰচাৰৰ বিৰুদ্ধে শনিবাৰে দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব দলটোৱে। জানিবপৰামতে, শনিবাৰে প্ৰতিখন ৰাজ্যৰ কংগ্ৰেছৰ সদৰত বিজেপিয়ে প্ৰতিবাদ কৰিব ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ মিথ্যাচাৰৰ বিৰুদ্ধে। দিল্লীস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সদৰটো সেয়ে শনিবাৰে প্ৰতিবাদ কৰিব বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীয়ে।