বৰ্তমান অসমীয়া ছবিক্ষেত্ৰৰ উত্তৰণৰ যি ধাৰা পৰিলক্ষিত হৈছে, সেয়া সঁচাকৈ প্ৰশংসনীয়। পৰিচালনা তথা উপযুক্ত কাহিনী-চিত্ৰনাট্যক আঁকোৱালি উঠি অহা প্ৰজন্মৰ যিসকলে এই অসমীয়া ছবিৰ সুন্দৰ ধাৰাটোক অব্যাহত ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে, তেওঁলোকৰ প্ৰকল্পসমূহক জনসাধাৰণে মৰম দিয়াও পৰিলক্ষিত হৈছে।
অৰিন্দম বৰুৱা, ইতিমধ্যে এই নামটোৱে বহুকেইখন চুটি ছবি নিৰ্মাণ কৰাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুলভাৱে সমাদৰ লাভ কৰিছে। এই পৰিচালক গৰাকীৰ “প্ৰত্যুষ” নামৰ চুটি ছবিখনে ৩২ টাকৈ অধিক বঁটা পোৱাৰো ৰেকৰ্ড বহন কৰিছে। গতিকে, আপুনি ভাবি চাওক এইগৰাকী পৰিচালকৰ সৃষ্টিশীলতাৰ দিশটো কিমান মজবুত আৰু কিমান সাৱলীল হ’ব পাৰে।
এতিয়া আমি আহো এইগৰাকী অৰিন্দম বৰুৱাৰ আন এক সৃষ্টি “পানীচকৰি” লৈ। অতি কম পৰ্যায়ৰ বাজেটেৰে নিৰ্মিত হ’লেও চিনেমাখনত দৰ্শকে বিচাৰি “চিনেমা চোৱাৰ সোৱাদ”। উজনি অসমৰ এখন গাঁৱৰ বাস্তৱ ছবি চিত্ৰণ কৰা হৈছে ছবিখনত। গাঁওখনৰ মানুহৰ কথা-বতৰা, জীৱন-ধাৰণ প্ৰক্ৰিয়াৰ লগতে মুখ্য চৰিত্ৰ “ৰাতিৰাম” ৰ পৰিয়ালটিৰ সৰু সৰু আশা-আকাংক্ষা, হেঁপাহ তথা দুখ-কষ্টক এই ছবিখনত উপস্থাপন কৰা হৈছে। ছবিখনৰ কাহিনী কেচিপ্ৰা কল্প গগৈৰ, চিত্ৰনাট্য লিখিছে ৰীতা ভূঞা বৰুৱা, ইন্দ্ৰনীল গায়ন আৰু অৰিন্দম বৰুৱাই।
সংলাপ ৰীতা ভূঞা বৰুৱাৰ আৰু চিনেমেটোগ্ৰাফী কৰিছে অন্তৰীক বৰবৰাই। আনহাতে, ছবিখনত অভিনয় কৰিছে ক্ৰমে বিমল চেতিয়া, দীপামণি চেতিয়া, মিনাক্ষী চেতিয়া, দিম্পল বৰুৱা, প্ৰণামিকা চেতিয়া, বিনোদ বৰুৱা, কুমিলা গান্ধীয়া, আমৈয়া বৰুৱা, ঘাণীন বৰুৱা আৰু লভিত বৰুৱাকে আদি কৰি আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে।