আজি হোজাইত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত নামনীমুৱা মৰিয়নী এক্সপ্ৰেছত চলিছিল এক ড্ৰাগছ বিৰোধী অভিযান। চলন্ত ৰে’লখনৰ পৰা ১০ টা চাবোনৰ বাকচত ১৩১.১৮ গ্ৰাম হিৰইন সহ আটক হয় শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিস্থিত প্ৰফেচাৰ কলনিৰ জাকিৰ ইছলাম।
ডিমাপুৰৰ পৰা নগাঁৱত বিক্ৰীৰ বাবে আনিছিল এই হিৰইনখিনি। এই হিৰইনখিনিৰ বজাৰ মূল্য ১৩ ৰ পৰা ২৪ লাখ টকা বুলি জানিবলৈ দিয়ে হোজাইৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়ে।