অসম ৰাজ্যিক সাংবাদিক সন্থাৰ জুৰি বোৰ্ডৰ এখনি সভা আজি যোৰহাটত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত হয়।
সভাই সিদ্ধান্ত মৰ্মে শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী সাংবাদিক বঁটা এই বছৰ অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনলৈ,আৰু ৰোহিনী মেধি সোঁৱৰণী সাংবাদিক বঁটা দৈনিক জনমভূমি কাকতৰ সাংবাদিক শাংকৱ কৌশিক বৰুৱালৈ আগ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই বঁটা অহা ২৪,২৫ ডিচেম্বৰত জাগিৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব লগা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ৰাজ্যিক অধিবেশনত প্ৰদান কৰা হ’ব বুলি সন্থাৰ সম্পাদক ৰাতুল বৰাই জানিবলৈ দিছে।