নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশকে প্ৰমুখ্য কৰি ধৰ্মীয় স্থানত মহিলাৰ প্ৰৱেশ সম্পৰ্কীয় প্ৰসংগ সাতজনীয়া-ন্যায়াধীশৰ বিচাৰপীঠলৈ স্থানান্তৰিত কৰে। সৰ্বোচ্চ ন্যায়ালয়ে ৩:২ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত সবৰীমালা প্ৰসংগটো ডাঙৰ বিচাৰপীঠলৈ হস্তান্তৰিত কৰে। ন্যায়াধীশ আৰএফ নাৰিমান আৰু ডিৱাই চন্দ্ৰচূডে ইয়াৰ বিৰোধিতা কৰাৰ বিপৰীতে সমৰ্থন জনাই দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ ইন্দু মালহোত্ৰ আৰু এএম খানৱিলকাৰে। ধৰ্মীয় স্থানত মহিলাৰ প্ৰৱেশ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কয় যে উপাসনা কৰা স্থানত মহিলাৰ প্ৰৱেশ কেৱল সবৰীমালা মন্দিৰতে সীমাবদ্ধ থকাটো উচিত নহয়। উপাসনা স্থানত ইছলাম বা পাৰ্ছী ধৰ্মাৱলম্বী মহিলাৰ প্ৰৱেশৰ প্ৰসংগকো সামৰি ল’ব লাগে। এই ৰায় প্ৰদান কৰি মুখ্য ন্যায়াধীশ গগৈয়ে কয় যে মছজিদত ইছলাম ধৰ্মাৱলম্বী মহিলাৰ প্ৰৱেশ সংক্ৰান্তটো ডাঙৰ বিচাৰপীঠে ৰায় প্ৰদান কৰিব লাগিব। উল্লেখযোগ্য যে ২০১৮ চনৰ ছেপ্টেম্বৰটো উচ্চতম ন্যায়ালয়ে কেৰেলাৰ সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধৰ আৰ্জিৰে দাখিল কৰা এখন আৱেদন খাৰিজ কৰিছিল।