ভিডিও কল (video calling)ত পত্নীৰ সৈতে কথা পাতি পাতি পাহাৰত ঘূৰি ফুৰিছিল এজন যুৱকে। সন্ধিয়া সময় হোৱাৰ বাবে অনুমান কৰিব পৰা নাছিল অলপ দূৰতে আছে প্ৰকাণ্ড খাদ। আৰাৱলী পাহাৰ (Aravali Hills)ৰ ঢালৰ পৰা প্রায় ২০০ ফুট তলত পৰি মৃত্যু (death) হয় যুৱকজনৰ।
সংবাদ সংস্থাৰ সূত্র মতে, মৃতকৰ নাম হৈছে কমল সিং। ফৰিদাবাদৰ বাসিন্দা কমল পেছাত ফেব্রিক জিজাইনাৰ। কাম কৰিছিল ফৰিদাবাদৰেই এটা কাপোৰ কোম্পানীত। হৰমিন্দৰ আৰু ৰবি নামৰ দুই বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল তেওঁ । শনিবাৰে আৰাৱলীৰ পাহাৰত ঘূৰি ফুৰি পত্নীক ভিডিও কল কৰে কমলে। কথা পাতি থাকোতে তেওঁ খোজকাঢ়ি আছিল। তাৰ পিছতেই ঘটে এই মর্মান্তিক ঘটনাটো।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, আৰাৱলীৰ পাহাৰেৰে আৱৰা অৰণ্যত ঘূৰি ঘূৰি কমলে হয়তো বুজি পোৱা নাছিল যে তেওঁ গৈ একেবাৰে পাহাৰৰ ঢালৰ কাষত গৈ উপস্থিত হৈছেগৈ । তাত খোজকাঢ়ি থাকোঁতেই হয়তো তললৈ পৰি যায় তেওঁ। আনহাতে, বন্ধু খাদত পৰি যোৱাৰ পিছতে আৰক্ষীৰ ওচৰলৈ দৌৰে হৰমিন্দৰ আৰু ৰবি। কিন্তু অন্ধকাৰৰ বাবে মৃতদেহ উদ্ধাৰত সমস্যাত পৰে আৰক্ষী। ছয়ঘণ্টামান পিছত কমলৰ সন্ধান পায় আৰক্ষীয়ে। কিন্তু তেতিয়ালৈকে আৰু তেওঁৰ দেহত প্রাণ নাছিল।
আৰক্ষীয়ে জনোৱা মতে, ক্রেন আৰু ৰছীৰে কমলৰ মৃতদেহ ওপৰলৈ তোলা হয় । তেওঁলোকৰ সন্দেহ, তিনিওজনেই মদ্যপান কৰি পাহাৰত উঠিছিল। পোষ্টমৰ্টেমৰ ৰিপোর্টতো এলকহল পোৱা গৈছে। কমলৰ পত্নীৰ উপৰি আছে দুজনী শিশুকন্যা।