আজি নিচাযুক্ত ড্ৰাগছৰ (Drugs) বিৰুদ্ধে মাঞ্জা আৰক্ষীয়ে লাভ কৰিছে এক সফলতা । মাঞ্জা আৰক্ষী (Manja Police)ৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপ কয় যে, আজি মাঞ্জাত এক নাকা তালাচীত ডিমাপুৰ দিশৰ পৰা বকলিয়াঘাট দিশে গৈ থকা এখন এছ 09-G-1176 পঞ্জীয়ন নম্বৰৰ R15 V3ৰ চালক ছাইমন টকবিৰ পকেটৰ পৰা 107টা নিচাযুক্ত simplex টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ছাইমন টকবিৰ লগত তেওঁৰ পত্নী মিৰদান তেৰণপিকো আৰক্ষীয়ে আটক কৰিছে বুলি জানিবলৈ দিছে। উদ্ধাৰ কৰা ড্ৰাগছখিনি NDPS আইন অনুসৰি জব্দ (Seized) কৰি তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে। টেবলেট কেইটা বকলিয়া লৈ গৈ আছিল জনিব দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।