পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ৰাইজৰ বাবে এক সুখবৰ! এতিয়াৰ পৰা উচ্চ বিপদজনক প্ৰসূতি জনিত মহিলা আৰু ৰোগী শিশুৱে লাভ কৰিব তৎকালীন চিকিৎসা । কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত উচ্চ বিদজনক প্ৰসূতি জনিত মহিলা আৰু ৰুগীয়া শিশু ট্ৰেকিং আৰু চিকিৎসাৰ বাবে আজি মুকলি কৰা হয় কল চেন্টাৰ ।
আজি পুৱাৰ ভাগত ডিফুস্থিত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কল চেন্টাৰটোৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য সূৰ্য্য ৰংফাৰে । এইলৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰসিং ৰংপিয়ে কয় যে, উক্ত কল চেণ্টাৰৰ জৰিয়তে উচ্চ বিদজনক প্ৰসূতি জনিত মহিলা আৰু ৰুগীয়া শিশু সকলক সহজতে আৰু শীঘ্ৰে ট্ৰেকিং কৰি চিকিৎসা কৰাত সুবিধা হব ।
ইয়াৰ ফলত উচ্চ বিদজনক প্ৰসূতি জনিত মহিলা আৰু ৰুগীয়া শিশু মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা যাব । আজি কল চেণ্টাৰৰ শুভ উদ্বোধনী কাৰ্যসূচীত ই এম সূৰ্য ৰুংফাৰৰ লগতে পৰিষদৰ এম এ চি ড: মঙবে ৰঙপি, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বৰসিং ৰঙপি পৰিষদৰ বিভাগীয় সচিব ৰাজেশন তেৰাংকে প্ৰমুখ্যে কৰি স্বাস্থ্য বিভাগৰ অনান্য বিষয়া কৰ্মী উপস্থিত থাকে ।