কাটাৰত বিশ্বকাপৰ বৃহৎ অঘটন! গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত অঘটন। শুকুৰবাৰে ডোহাৰ লুচাইল ষ্টেডিয়ামত কেমেৰুণৰ হাতত ০-১ গʼলত পৰাস্ত হয় ব্ৰাজিল। অতিৰিক্ত সময়ত খেলখনৰ একমাত্ৰ গʼলটো ভিনচেণ্ট আবুবাকাৰে কৰে। সোঁফালৰ পৰা ক্ৰছত হেড কৰি ঐতিহাসিক জয় লাভ কৰে।
আবুবাকাৰ হৈছে বিশ্বকাপত ব্ৰাজিলৰ বিৰুদ্ধে গʼল দিয়া তৃতীয়জন আফ্ৰিকান ফুটবলাৰ। অৱশ্যে গʼলৰ উত্তেজনাত জাৰ্চি খুলি দ্বিতীয়খন হালধীয়া অৰ্থাৎ ৰঙা কাৰ্ড পাবলগা হয় খেলুৱৈগৰাকীয়ে।
কিন্তু ৫ বাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে বশ্যতা স্বীকাৰ কৰে। টিউনিছিয়াৰ খেলখনত ফ্ৰান্সৰ প্ৰশিক্ষকে ৯টা পৰিৱৰ্তন সাধন কৰে। ফলত খেলখনত কোনো ধৰণৰ ধাৰাবাহিকতা নাছিল। ছন্দৰ পতন ঘটিছিল। শুকুৰবাৰেও একেই কথা। কিন্তু একে সময়তে একাধিক হেৰুওৱা সুযোগ আৰু ফিনিছিঙৰ অভাৱে ব্ৰাজিলক ডুবালে। নেইমাৰে গেলেৰীত বহি মাথোঁ চাই ৰ’ল দলটোৰ পৰাজয়।
অৱশ্যে প্ৰথম দুখন মেচত জয়লাভ কৰাৰ পিছত ব্ৰাজিলে অন্তিম ষোল্ললৈ উত্তীৰ্ণ হৈছে। কিন্তু গ্রুপত শীৰ্ষ স্থান দখল কৰিবলৈ যুঁজ দিছিল।