কালাইন আজমৰা গাঁৱৰ নিবাসী আলতাফ হোছেইনৰ মালিকানাধীন ইটাভাটাত আজি শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। ইটাভাটাত চিমনি ভাঙি যোৱাৰ ফলত দুই শিশু শ্ৰমিক ক্ৰমে আবু ছুফিয়ান (১২) আৰু ৰাহাত আৰফান (১২) ৰ থিতাতে মৃত্যু হয় আৰু ইয়াৰ পৰিৱৰ্তে শিলচৰ কলেজ হাস্পাতালত দুজন ব্যক্তি ক্ৰমে চুনীলাল আৰু মেদিনী পাছোৱানে মৃত্যুক আকোঁৱালি লয়।
শুকুৰবাৰে বিয়লি ৪ বজাত সংঘটিত এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে স্থানীয় ৰাইজে ইটাভাটাৰ পৰা মৃত তথা আহত প্ৰায় ১০ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰি কালাইন চিকিৎসালয়ত ভৰ্তি কৰে। পিছলৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক সকলক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
কালাইন চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত ডাঃ সৌমেন ভৌমিকে জানিবলৈ দিয়া মতে, গুৰুত্বৰভাৱে আহতপ্ৰাপ্ত ১০ জন শ্ৰমিকৰ ভিতৰত ৪/৫ শ্ৰমিকৰ অৱস্থা অতি সংকটজনক।
শিলচৰ মেডিকেল কলেজ হাস্পতালত অনা দুজন শ্ৰমিকৰো মৃত্যু হয়। এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ ঘটনাস্থলীত উপস্থিত হয়। তদুপৰি বিধায়ক মজুমদাৰে চিকিৎসাধীন হৈ থকা আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণকে ধৰি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।