শুকুৰবাৰে জনতা ভৱন (Janata Bhawan)ত তৃতীয় অসম বন সুৰক্ষা বেটেলিয়ন (3rd Assam Forest Protection Battalion) উন্নীতকৰণ আৰু অসম আৰক্ষীত নিযুক্তিৰ পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে এক বৈঠক (Meeting) অনুষ্ঠিত কৰে। উক্ত বৈঠকত মুখ্যমন্ত্ৰী (Chief Minister) হিমন্ত বিশ্ব শৰ্মাই অহা ৩১ ডিচেম্বৰৰ ভিতৰত তৃতীয় অসম বন সুৰক্ষা বেটেলিয়ন পদৰ সৃষ্টি আৰু নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
ইয়াৰ লগতে বৰ্তমান বিভিন্ন পৰ্যায়ত থকা গৃহ বিভাগৰ ২,০৯৫টা খালী পদৰ নিযুক্তি ত্বৰান্বিত কৰাৰ দিশতো গুৰুত্ব প্ৰদান কৰা হয়।উক্ত বৈঠকত অতিৰিক্ত মুখ্য সচিব আৰ এছ প্ৰসাদ, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এম কে যাদৱকে ধৰি অন্যান্যসকল উপস্থিত থাকে।