শুকুৰবাৰে সন্ধিয়া শিলচৰ (Silchar)ত আৰম্ভ হʼব চিলেট মহোৎসৱ (Sylhet Festival)। আজি সন্ধিয়া বাংলাদেশ (Bangladesh)ৰ বৈদেশিক মন্ত্ৰী (Foreign Minister) ড: এ কে আব্দুল মোমেন আৰু ভাৰতৰ সাংস্কৃতিক মন্ত্ৰী কিষাণ ৰেড্ডীয়ে উক্ত মহোৎসৱ উদ্বোধন কৰিব। বাংলাদেশৰ ৫০ বছৰীয়া স্বাধীনতা আৰু ভাৰতৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱস উপলক্ষে এই উৎসৱৰ আয়োজন কৰা হৈছে।
ইয়াত অংশগ্ৰহণৰ বাবে বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ নেতৃত্বত ৬ জন মন্ত্ৰী, ১২ জন সাংসদ আৰু বহুকেইগৰাকী শিক্ষাবিদসহ মুঠ ২৪০ জনীয়া প্ৰতিনিধিৰ এটা দল ইতিমধ্যে আহি শিলচৰত উপস্থিত হৈছে।
উল্লেখ্য, শিলচৰৰ সাংসদ তথা এই মহোৎসৱৰ আয়োজক ড: ৰাজদ্বীপ ৰায়ে পিটিআইক জনোৱা মতে, ইণ্ডিয়া ফাউণ্ডেচন অব নিউ দিল্লী আৰু বাংলাদেশ ফাউণ্ডেচন ফৰ ৰিজিঅনেল ষ্টাডিজে ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহায়ত এই উৎসৱৰ আয়োজন কৰিছে। উভয় অঞ্চলৰে সাংস্কৃতিক ঐতিহ্য এই মহোৎসৱত প্ৰতিফলিত হʼব। আনহাতে, স্বাস্থ্য, শিক্ষা, পৰ্যটন, ডিজিটেল আন্তঃগাঁথনি আৰু যোগাযোগ সন্দৰ্ভত দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়।