কাৰ্বি আংলং (Karbi Anglong) জিলাৰ ডকমকা (Dokmoka) থানাৰ অন্তৰ্গত মহামায়া পাহাৰগুৰি (Paharguri) নামৰ ঠাইত কালি বিয়লি এক নৃশংস হত্যাকাণ্ড (brutal murder) সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, গাঁওখনৰে জান জান কোঁৱৰ গৌড় নামৰ মহিলাগৰাকীয়ে পথাৰত ধান দাই থকা অৱস্থাতে উদণ্ড স্বভাৱৰ দেওৰেক ৰাকেশ গৌড়ৰ সৈতে কোনো বিষয়ক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হয়।
কাজিয়াই চূড়ান্ত ৰূপ লোৱাত ৰাকেশ গৌড় নামৰ যুৱকজনে হিতাহিত জ্ঞান হেৰুৱাই ওচৰতে থকা এখন চালিৰ পৰা বাঁহ আনি মহিলাগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰে। যুৱকজনৰ এনে আক্ৰমণৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয়। কালি বিয়লি ডকমকা আৰক্ষীয়ে এই বিষয়ে অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়।
আনহাতে, আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই কাষৰে এখন গাঁৱত আত্মগোপন কৰি থকা অৱস্থাত হত্যাকাৰী ৰাকেশক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।