অসমীয়া জাতিৰ বুনিয়াদ নিৰ্মাতা, আহোমৰ প্ৰথমগৰাকী ৰজা চাওলুং চুকাফাৰ স্মৃতিত ৰাজ্যজুৰি পালন কৰা হৈছে অসম দিৱস। উল্লেখ্য, আহোম যুগৰ আৰম্ভণি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল চুকাফাৰ আগমনৰ পিছৰে পৰা। ১২২৮ খ্ৰীষ্টাব্দত চাওলুং চুকাফাই অসমৰ প্ৰথমজন আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে পাটকাই পৰ্বত পাৰ হৈ অসমত সোমাইছিল।
আহোমসকল আছিল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিন-পূব এচিয়াৰ বৃহৎ জাতিৰ এটি শাখা। আনহাতে, এখন নতুন ৰাজ্যৰ সন্ধানত চুকাফাই স্বদেশ এৰি যেতিয়া অসমত সোমাইছিল, সেই সময়ত তেওঁ লগত আনিছিল ইষ্ট দেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ, চাৰিজন ৰাজ পুৰোহিত আৰু দুজন বাইলুং।
তাৰোপৰি, ১০৮০ জন সৈনিক,৩০০ ঘোঁৰা, খাম নামৰ এটা দতাল হাতী আৰু পেং নামৰ এজনী মাখুন্দী হাতী। ১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি- পামত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হৈছিলহি।
তাত উপস্থিত হৈ তেওঁ আহোমসকলৰ প্ৰথম ৰাজধানী খামজাং নামৰ ঠাইত প্ৰতিষ্ঠা কৰে। তাৰ পিছত দ্বিতীয় ৰাজধানী নামৰূপত পাতি পুনৰ সেই ৰাজধানী এৰি হা-বুঙ নৈৰে উজাই, দিহং নৈৰে ভটিয়াই দিখৌমুখ পাইছিলগৈ।
তাৰ পিছত শিমলুগুৰিত উপস্থিত হৈ পাহৰীয়া ওখ ঠাই চিনাক্ত কৰি তাত তেওঁ পুনৰ ৰাজধানী প্ৰতিষ্ঠা কৰে। আৰু ৰাজধানীৰ নাম দিলে চে-ৰাই-দয়। অৰ্থাৎ চৰাইদেউ। চে মানে হৈছে নগৰ, ৰাই মানে জিলিকি থকা আৰু দয় মানে হৈছে পৰ্বত। চুকাফা আছিল টাই মংগোলীয় ভাষাৰ কৃষ্টিৰ বাহক। কিন্তু তেওঁ নিজৰটোকে ধৰি নাথাকি থলুৱা ভাষা, কৃষ্টি, সংস্কৃতিৰ সমন্বয় ঘটাই অসমীয়া জাতিৰ বৰভেটি নিৰ্মাণ কৰে।
তেওঁৰ সমসাময়িক মৰাণ, কছাৰী, বৰাহী, নগা, চুতীয়া সকলো জাতি-জনগোষ্ঠীক একেলগ কৰি সকলোকে ৰাজ্য শাসনত জড়িত হোৱাৰ সুযোগ দিয়ে। সাতৰাজ মাৰি একৰাজ কৰা চুকাফাই হৈছে বৃহত্তৰ অসমীয়া জাতিৰ পিতৃপুৰুষ।
১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰৰ দিনটোতেই চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপিঠত ভৰি থৈছিলহি। সেই ঐতিহাসিক দিনটোক চিৰ স্মৰনীয় কৰিবৰ বাবে ১৯৭২ চনতেই ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন ব্যক্তিয়ে চুকাফা দিৱস উদযাপন কৰাৰ প্ৰসংগ প্ৰথম উত্থাপন কৰিছিল।
উক্ত ব্যক্তিগৰাকীৰ মহৎ প্ৰচেষ্টাৰ ফলতেই ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰক চুকাফা দিবস বা অসম দিৱস হিচাবে উদযাপন কৰি অহা হৈছে। চুকাফাৰ জন্ম হৈছিল চেন চেতত চাও টাই পঙৰ কাৰেঙত। ১১৮৬ খ্ৰীষ্টাব্দত উত্তৰ ব্ৰহ্মদেশৰ চিউলি নদীৰ পাৰত এইগৰাকী স্বৰ্গদেউৱে জন্মলাভ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল খুত্যাংখাঙ্গ আৰু মাতৃৰ নাম ন্যাঙ্গ কুমাৰী ।