অসম-মেঘালয় সীমান্তৰ মুক্ৰ (Mocro)ত পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলা কংগ্ৰেছ (congress)ৰ সভাপতি ছিং টেৰণ (President Sing Teron) আৰু যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টীন ইংতি (President Augustine Ingti) উপস্থিত হৈ অসম তথা কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ দিছে।
ইফালে অসমৰ আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লোক তথা সীমান্ত সুৰক্ষা বাহিনীৰ লোক সীমান্তত অসমবাসীক যাবলৈ বাধা আৰোপ কৰি থকাৰ বিপৰীতে মেঘালয়ৰ আৰক্ষীয়ে সীমান্তৰ পৰা ডেৰ কিলোমিটাৰ ভিতৰত অসমৰ ভূমিত প্ৰৱেশ কৰি পহৰা শিবিৰ পাতি বাহৰ পাতি থকা পৰিলক্ষিত হৈছে বুলি নেতাদ্বয়ে মন্তব্য কৰাৰ লগতে সমস্যা সমাধানৰ ক্ষেত্ৰত অসমৰ গৃহ বিভাগে অৱহেলা কৰি থকাৰ কথা প্ৰকাশ কৰে।
সমান্তৰালকৈ মেঘালয়বাসীয়ে বিনা বাধা বা ভয়-শংকা আদি নোহোৱাকৈ কাৰ্বি আংলঙত প্ৰৱেশ কৰি জিৰিকীণ্ডিং বজাৰত বজাৰ-সামৰ কৰি কোনো অসুবিধা নোহোৱাকৈ গৃহ ৰাজ্যলৈ উভতি যোৱাৰ বিপৰীতে কিন্তু অসম তথা কাৰ্বি আংলংবাসীৰ ক্ষেত্ৰত তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে অসম-মেঘালয় সীমান্তৰ মুক্ৰত।