ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ। এফালে আৰক্ষীৰ কঠোৰ পদক্ষেপ, আনফালে ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্য। তাৰ মাজতে এইবাৰ শিলচৰ (Silchar) চহৰত কাছাৰ আৰক্ষী (Cachar Police)য়ে জব্দ (Seized) কৰিছে ৪০ লাখ টকা (Rs 40 lakh)ৰ হেৰোইন (Heroin)। বৃহস্পতিবাৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতোৱে জনোৱা মতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সমগ্ৰ জিলাখনত অভিযান আৰম্ভ কৰি বহু ঠাইত সফলতা লাভ কৰা হৈছে। তাৰ মাজতে এই সফলতা।

তেওঁ কয় যে এক নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে শিলচৰ চহৰৰ ট্ৰাংক ৰোডত থকা এখন মাৰুতি চুইফট ডিজায়াৰত অভিযান চলায়। উক্ত বাহনখনতে ৩০টা চাবোন (30 soaps)ৰ বাকচত উদ্ধাৰ (Rescued) হয় হেৰোইনখিনি।
ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হৈছে ছায়াজ মজুমদাৰ আৰু চাহিদ মহম্মদ লস্কৰ। শিলচৰ নগৰৰ মধৰবন্দ অঞ্চলৰ বাসিন্দা তেওঁলোক। তেওঁলোকৰ পৰা মুঠ ৩০০ গ্ৰাম হেৰোইন জব্দ কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে সৰবৰাহকাৰী দুটাক সোধা-পোছাৰ পিছত উক্ত হেৰোইনখিনি মণিপুৰৰ পৰা অনা বুলি জানিব পৰা গৈছে।