বিভিন্ন বৃহৎ তথ্য-প্ৰযুক্তি কোম্পানীৰ খৰচ কমাবলৈ আৰম্ভ কৰা চাকৰিচ্যুতিৰ পৰ্যায়ত এইবাৰ নামিবলৈ ওলাইছে ‘ৱাল্ট ডিজনী’। সূত্ৰ অনুসৰি, কোম্পানীটোৰ শীৰ্ষ পদত কৰ্মৰত বব চেপেকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় আৰু বব আইগাৰক পুনৰ সেই পদত নিযুক্তি দিয়া হয়।
২০০৫ চনত বব আইগাৰে ৱাল্ট ডিজনীত যোগদান কৰে। বিগত ১৫ বছৰত ববৰ সহায়ত কোম্পানীটোৱে দুটা মনোৰঞ্জন কোম্পানী মাৰ্ভেল আৰু ফক্সৰ জন্ম দিছে। কেৱল সেয়াই নহয়, বব ‘ডিজনি প্লাছ’ নামৰ ওটিটি প্লেটফৰ্মৰ সৈতেও জড়িত আছিল।
যিয়ে পিছত ভাৰতত ‘ষ্টাৰ ইণ্ডিয়াʼৰ সৈতে অংশীদাৰিত্বৰে ‘ডিজনি প্লাছ হটষ্টাৰ’ নামৰ কোম্পানীটো আৰম্ভ কৰে। বব আইগাৰক কোম্পানীটোৱে দুবছৰৰ চুক্তিত নিযুক্তি দিছিল। প্ৰতিটো কোম্পানীৰ দৰেই লাভ আৰু লোকচানৰ পৰিসংখ্যা আছে। যোৱা ৩ বছৰত কোম্পানীটোৰ লোকচান হৈছে ৮ বিলিয়ন ডলাৰ। ভাৰতীয় মূল্যত ৬ হাজাৰ ৫৪২ কোটি টকা।
যদিও এই চাকৰিচ্যুতিৰ পৰ্যায়টো আলোচনাৰ পৰ্যায়ত আছে, সংস্থাটোৱে এই কথা অৱগত কৰিছে। প্ৰাথমিক পৰ্যায়ত বব চেপেকক আঁতৰাই কৰ্মচাৰীসকলক কামৰ বাবে ইফালে সিফালে ঘূৰি ফুৰাটো বন্ধ কৰি এই অভিযান আৰম্ভ হৈছিল। পৰৱৰ্তীকালত সংস্থাটোৰ গুৰুত্বপূৰ্ণ পদকেইটাৰ বাহিৰে বাকী সকলো পদ বিলুপ্ত হʼব পাৰে।