
অসম-নাগালেণ্ড (Assam-Nagaland) সীমান্ত (Border)ৰ লাহৰিজান (Lahrijan)ত ভয়ংকৰ অগ্নিকাণ্ড (Fire)। অগ্নিকাণ্ডৰ ফলত জুইত জাহ হৈছে দুশৰো অধিক বাসগৃহ।

ডিমাপুৰ আৰু বোকাজানৰ অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। অগ্নিকাণ্ডত কেইবাটাও ছিলিণ্ডাৰ (cylindar) বিস্ফোৰণ (Explosion) হোৱাৰ লগতে এখন বাহন জুইত জ্বলি জাহ যায়।
অগ্নিকাণ্ডৰ সূত্ৰপাত কৰ পৰা ঘটিল বৰ্তমানেও জানিব পৰা নাই। অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে।