অঞ্চলটোত বিদ্যুৎ সেৱা নাই। কিন্তু উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ ১২খন গাঁৱত উপস্থিত হৈছে বিদ্যুতৰ বিল (Electricity Bill)। কাৰোবাৰ বিলৰ পৰিমাণ ৩০ হাজাৰ টকা আৰু আন কাৰোবাৰ ৬০ হাজাৰ টকা। উক্ত বাৰখন গাঁৱৰ বাসিন্দাসকল এনে ঘটনা দেখি স্তম্ভিত (Stunned to see) হৈ পৰে।
উত্তৰ প্ৰদেশৰ শমলী জিলা (Shamli District)ৰ বাৰখন গাঁৱত নাই বিদ্যুৎ সেৱা (No electricity service)। কিন্তু কেইবা হাজাৰ টকাৰ বিদ্যুতৰ বিল পোৱা বুলি দাবী কৰিছে গাঁওবাসীয়ে। উক্ত গাঁওসমূহৰ বাসিন্দাসকলে দাবী কৰে যে কেইবছৰমান আগতে তেওঁলোকৰ ঘৰত বিদ্যুতৰ মিটাৰ লগোৱা হৈছিল। কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো বিদ্যুৎ সেৱা এতিয়াও দিয়া নহ’ল। আনকি বিদ্যুতৰ মিটাৰ স্থাপনৰ বাবে কোনো ধৰণৰ ধনৰ প্ৰয়োজন নহʼব বুলিও প্ৰতিশ্ৰুতি দিয়া হৈছিল।
বিদ্যুৎ সেৱা নথকাৰ পিছতো বিদ্যুতৰ বিল কেনেদৰে আহিল সেই লৈ গাঁওবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে, এই বিলক লৈ তেওঁলোকে কি কৰিব সেই লৈ আশংকাত পৰিছে। বিদ্যুৎ সেৱা অবিহনে বিল দিয়া গাঁৱৰ ভিতৰত এখন খোক্সা। উক্ত গাঁৱত ডেৰ শতাধিক মানুহ থাকে।
উক্ত গাঁৱৰে বাসিন্দা সৰোজ দেৱীয়ে কয়, “তিনি বছৰ আগতে আমাৰ ঘৰত ৪টা মিটাৰ স্থাপন কৰা হৈছিল। কোৱা হৈছিল যে ইয়াৰ বাবে কোনো ধৰণৰ ধনৰ প্ৰয়োজন নহʼব। বিদ্যুৎ সেৱা অতি সোনকালে উপলব্ধ হʼব বুলিও প্ৰতিশ্ৰুতি দিয়া হৈছিল।” বিদ্যুতৰ বিল সন্দৰ্ভত তেওঁ কয় যে যোৱা সপ্তাহত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ঘৰলৈ আহি প্ৰতি মিটাৰত ৫০ হাজাৰৰ পৰা ৬০ হাজাৰ টকা বিল দিছিল। ইমান টকা কেনেকৈ সংগ্ৰহ কৰি বিল পৰিশোধ কৰিব, বাসিন্দাসকল চিন্তাত পৰিছে। আন এখন গাঁও আলাউদ্দিনপুৰৰ অৱস্থাও একেই। তাত কোনোবাৰ বিদ্যুতৰ বিল ৪০ হাজাৰ টকাকৈ আহিছে।
এই ঘটনা সন্দৰ্ভত শমলী পশ্চিম অঞ্চলৰ অধীক্ষক অভিযন্তা ৰাম কুমাৰে কয়, “এই ঘটনাৰ তদন্ত চলি আছে। গাঁওবাসীৰ কথা চিন্তা কৰা হৈছে।” অৱশ্যে এছ ডি অ’ ৰবি কুমাৰে এই বিষয়ে অৱগত নহয় বুলি কয়।