আজি দুপৰীয়া ডিফু (Diphu)ত উদ্ধাৰ হৈছে অবৈধভাবে (Illegally) কঢ়িইয়াই নিয়া বুজন পৰিমাণৰ বিলাতী সুৰা (wine)। উপ-আৰক্ষী অধীক্ষক নিলুৎপল শইকীয়াই সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে, এক গোপন খবৰৰ ভিত্তিত পানবাৰী ৰে’ল গেইটৰ কাষত নাকা তালাচি চলাই ডিফুৰ পৰা ধনশিৰী (Dhansiri from Diphu) দিশে গৈ থকা AS-09-AC-9864 নম্বৰৰ এখন যাত্ৰীবাহী অটো (Passenger auto)ৰ পৰা 26 কাৰ্টুন (Cartoon) অবৈধ বিলাতি সুৰা জব্দ (Liquor seized) কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে অটো চালকজনক আটক কৰাৰ লগতে জব্দ হোৱা অবৈধ সুৰাখিনি আবকাৰী বিভাগক ছমজাই দিছে বুলি জানিবলৈ দিছে ।