পশ্চিম কাৰ্বিআংলঙৰ বৈঠালাংছু (Baithalangso)ত 400 সংখ্যক লাচিত বৰফুকনৰ জন্ম জয়ন্তী (Lachit Birth Anniversary) পালন কৰিছে। জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী পালন কৰিছে।
তাৰে অংশ হিচাপে বৈঠালাংছুত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰে বিভিন্ন প্ৰতিযোগিতা। বৈঠালাংছুৰ প্ৰায় ২০খন চৰকাৰী তথা অনা-চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত ভাগ লয়।
ছাত্ৰ-ছাত্ৰীসকলে ফটো প্ৰতিযোগিতা, কুইজ, কবিতা আবৃত্তি, গীত পৰিৱেশন আদি অনুষ্ঠানত ভাগ লয়। উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’, উপায়ুক্ত, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলো উপস্থিত থাকে।