অসুস্থ প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা পপ তাৰকা নিক জোনাছ। তেওঁৰ অসুস্থতাৰ খবৰ ছচিয়েল মিডিয়াত প্ৰকাশ কৰে। লগতে এই ৰোগৰ চাৰিটা লক্ষণৰ কথাও উল্লেখ কৰে সংগীত শিল্পীগৰাকীয়ে।
ইনষ্টাগ্ৰামত ভিডিঅ’ মেছেজযোগে নিক টাইপ ১ ডায়েবেটিছত আক্ৰান্ত বুলি কয়। সঘনাই ডিঙি শুকাই যোৱা, অত্যধিক পিয়াহলগা, হঠাৎ ওজন কমি যোৱা, সঘনাই প্ৰস্ৰাৱ কৰা, অহৰহ খিংখিঙীয়া আৰু ভাগৰুৱা হোৱা এনে লক্ষণ দেখা দিয়াত তেওঁক সতৰ্ক কৰি দিয়া হয়। তেওঁৰ শৰীৰৰ লক্ষণৰ কথা কয় আৰু লগতে তেওঁ অনুৰাগীসকলক সাৱধান হʼবলৈ পৰামৰ্শ দিয়ে।কোৱা বাহুল্য যে তেওঁৰ অসুস্থতাৰ খবৰ শুনি অনুৰাগীসকল ব্যাকুল হৈ পৰিছে।
মন কৰিবলগীয়া যে প্ৰিয়ংকা দেশলৈ উভতি অহাৰ পিছত নিকে পত্নী আৰু সন্তানৰ সৈতে ছুটীৰ মুহূৰ্তত ভাগ লৈছিল। ঘৰৰ ভিতৰতে কন্যা মালতিৰ সৈতে এটা আনন্দৰ মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰে। শেহতীয়াকৈ লাছ ভেগাছত কনচাৰ্টত অভিনয় কৰিছিল। কিন্তু তথাপিও বুজি পোৱা নাছিল, তেওঁ অসুস্থ।