ছুটী শেষ ৷ পত্নী আৰু সন্তানক ঘৰত এৰি কামলৈ উভতিবলৈ সাজু ৰণবীৰ কাপুৰ। আলিয়া ভাট গৰ্ভৱতী হোৱাৰ পিছত ৰণবীৰে কাম এৰি পত্নীৰ ওচৰত আছিল। নৱজাতকে দিনৰ পোহৰ দেখালৈকে পিতৃ হিচাপেও তেওঁৰ চিন্তা আছিল।
আলিয়াক পৰম সাৱধানে যত্ন লোৱা হৈছে। ৬ নৱেম্বৰত কন্যা সন্তান জন্ম দিয়ে অভিনেত্ৰীগৰাকীয়ে। কাপুৰ আৰু ভাট পৰিয়ালৰ আনন্দৰ জোৱাৰ বংশৰ নতুন সূৰ্য্যক লৈ। ৰণবীৰৰ ছোৱালীজনীক আদৰ কৰাৰ ইচ্ছা বহুত, কিন্তু উপায় নাই কামলৈ যাব লাগিব।
ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা মতে, দীঘলীয়া বিৰতিৰ অন্তত অহা সপ্তাহৰ পৰা পুনৰ কামলৈ উভতিব ৰণবীৰ। জনা গৈছে যে ১৭ নৱেম্বৰত তেওঁ ছবিখনৰ চেটত অভিনয় কৰিব। ‘এনিমেল’ৰ শ্বুটিঙত ব্যস্ত থাকিব। তেওঁৰ হাতত বৰ্তমান দুখন ছবি আছে।
তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল অয়ন মুখোপাধ্যায়ৰ ‘ব্ৰহ্মাস্ত্ৰʼত। চলিত বৰ্ষৰ ৯ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনে বক্স অফিচত বিপুল সফলতা লাভ কৰিছিল। ছবিখনত প্ৰথমবাৰৰ বাবে পৰ্দা শ্বেয়াৰ কৰিছিল ৰণবীৰ-আলিয়াই। ছবিখনৰ চেটত আৰম্ভ হয় প্ৰেম।
যোৱা এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈ তাৰকা দম্পতীয়ে নিজৰ সম্পৰ্ক সম্পূৰ্ণ কৰে। আৰু এতিয়া তেওঁলোকৰ কোলাত উমলিছে ৰাজকুমাৰীজনী। কিন্তু আলিয়া এতিয়াই কামলৈ উভতিব নোৱাৰে। জানিব পৰা মতে, শিশুটিক অলপ ডাঙৰ-দীঘল কৰি এবছৰৰ পিছত তেওঁ পুনৰ কামলৈ উভতিব।