বুধবাৰে ‘বলিউড বাদশ্বাহ’, ‘কিং খান’ শ্বাহৰুখ খানে ৫৭ বছৰত প্ৰৱেশ কৰে। তেওঁৰ জন্মদিনত বুধবাৰটো আছিল শ্বাহৰুখ-অনুৰাগীৰ বাবে দিনজোৰা চমক। পৰম্পৰা ভংগ কৰি ২ নৱেম্বৰৰ ঠিক ১২ বজাত মাজনিশা ‘মন্নতʼৰ বাহিৰত ৰৈ থকা অনুৰাগীৰ সন্মুখত উপস্থিত হয় শ্বাহৰুখ। আনকি জন্মদিনৰ দিনা পুৱাও অভিনেতাজনে বাংলোটোৰ সন্মুখত হাজাৰ হাজাৰ অনুৰাগী থিয় হৈ থকা দেখে। কিন্তু আচৰিত কথাটো ইয়াতেই শেষ নহয়। বুধবাৰে সন্ধিয়া মুম্বাইত অভিনেতাগৰাকীৰ ফেন ক্লাবৰ সদস্যসকলৰ বাবে এক বিশেষ পাৰ্টিৰ আয়োজন কৰা হয়। অনুষ্ঠানটোৰ নাম দিয়া হৈছিল ‘এছ আৰ কে ডে’। উক্ত অনুষ্ঠানত তেওঁ অনুৰাগীসকলক উন্মাদ কৰি তুলিছিল। শ্বাহৰুখে মঞ্চত নৃত্য কৰে ‘চাইয়া চাইয়া’ গীতটোৰে। অনুৰাগীৰ সৈতেও তেওঁক আড্ডা দিয়া দেখা যায়। সেই নৃত্যৰ ভিডিও ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
আনকি দেশৰ বাহিৰতো তেওঁৰ জন্মদিনক লৈ এক উন্মাদনাৰ সৃষ্টি হয়। আকৌ এবাৰ বুৰ্জ খলিফাত শ্বাহৰুখৰ ছবি প্ৰকাশ পায়। জন্মদিনৰ বাৰ্তাত লিখা হৈছে, ‘জন্মদিনৰ শুভেচ্ছা শ্বাহৰুখ। জন্মদিনৰ শুভেচ্ছা পাঠান। আমি তোমাক ভালপাওঁ’। পটভূমিত বাজিছে ‘দিলৱালে দুলহনিয়া লে যায়েংগে’ৰ বিখ্যাত গীত ‘তুঝে দেখা তো য়েহ জা না চনম’।