কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নতুন আইন আৰু নীতি প্ৰস্তুত কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ
ASSAM TIMES POST,ডিফুঃ ভাৰতীয় সংবিধানত থকা ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নতুন নীতি আৰু আইন প্ৰস্তুত কৰিবলৈ জিলা খনৰ ২৪টাতকৈ অধিক সংগঠনৰ এক ঐক্য মঞ্চৰ অনুষ্ঠিত হ’বলগীয়া অৱস্থান ধৰ্ণা আৰু সমদল কাৰ্যসূচী আজি প্ৰশাসনীয় অনুমতি নথকাৰ বাবে ৰূপায়ণ নহ’ল৷ ২৪ টাত কৈ অধিক সংগঠনৰ ঐক্যমঞ্চই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ডিফুৰ ছেমছনছ্ং ইংতি মেম’ৰিয়েল পাৰ্কত সমবেত হৈছিল যদিও ১৪৪ ধাৰা বাহাল থকাৰ বাবে মূৰকত স্থগিত ৰাখিব লগীয়া হয় উক্ত প্ৰতিবাদী কাৰ্যসূচী৷ ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হোৱা স্থানত প্ৰশাসনে পূৰ্বৰে পৰা সষ্ঠম কৰি থৈছিল বহু সংখ্যক নিৰাপত্তাৰক্ষী৷
প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নহ’লেও সংগঠন কেইটাৰ ঐক্য মঞ্চটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৭ বৰ্ষৰ ৯ ছেপ্টেম্বৰ দি থোৱা নিৰ্দেশৰ সম্মান জনাই শীঘ্ৰে ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীত জাতিৰ বাবে থকা অনুশ্ছেদ ২ আৰু উপ অনুশ্ছেদ ৭ মতে কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এখন নিজাববীয়া আৰু নীতি প্ৰস্তুত কৰিবলৈ দাবী জনাই অতিৰিক্ত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰতিবাদ থলীৰ পৰাই কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
পৰিষদৰ আগন্তুক অধিবেশনত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নতুন নীতি আৰু আইনৰ খছৰা প্ৰস্তুত কৰি জিলাখনৰ খিলঞ্জীয়া সংগঠনসমূহৰ সৈতে মতামত জনাৰ বাবে দাবী জনায়৷ ইয়াৰোপৰি অসম চৰকাৰৰ ১৯৮৬ চনৰ ভূমি নীতি বিলুপ্ত ঘটাই ষষ্ঠ অনুসূচী জাতিৰ ক্ষমতা অনুসৰি কাৰবি কাষ্টমাৰী ল’ প্ৰণয়ণ কৰা, গ্ৰাম পৰিষদৰ ব্যৱস্থা আদিৰ দাবীও সন্নিবিষ্ট কৰে স্মাৰক পত্ৰখনত৷ উল্লেখযোগ্য যে এইলৈ ২৪ টাতকৈ অধিক সংগঠনৰ ঐক্য মঞ্চই ২০১৬ চনৰ পৰাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়তো পিআইএল দাখিল কৰিছিল৷
উল্লেখযোগ্য যে সংগঠন কেইটাৰ ঐক্য মঞ্চটোৱে দাবী কৰা ষষ্ঠ অনুসূচীত জাতিৰ বাবে থকা সংবিধানৰ সুবিধা অনুসৰি অনুশ্ছেদ ২ আৰু উপ অনুশ্ছেদ ৭ অনুসৰি কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতি লোকৰ নাম কৰ্তন কৰি এখন শুদ্ধ তালিকা আৰু নতুন নীতি আৰু আইন প্ৰস্তুত কৰিবলৈ দীৰ্ঘ দিনৰ পৰা জনজাতীয় সংগঠন সমুহে দাবী জনাই আহিছে৷