মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰি গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰকাশ কৰা ছটা সংগঠনৰ সদস্যক আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
অসমত আজি এটা কথা প্ৰতীয়মাণ হৈছে যে অসমৰ জনগণ তথা প্ৰতিটো জনগোষ্ঠীৰ কোনো লোকেই হিংসা, সন্ত্ৰাস, বিভেদ আৰু অশুভ-অপ্ৰীতি নিবিচাৰে৷ ৰক্তক্ষয়ৰ ইতিহাস চিৰদিনৰ বাবে বন্ধ কৰি উন্নয়ন আৰু প্ৰগতিৰ পথ সুচল কৰি আমাৰ এই অসম ভূমিক বিকাশত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দায়িত্ব আমাৰ সকলোৰে।
মই আশা কৰিম যে আজি যিখিনি চৰকাৰী আৰ্থিক সাহায্য আপোনালোকক প্ৰদান কৰা হ’ল তাৰ যাতে সদ্ব্যৱহাৰ কৰা হয়৷” উল্লেখ্য, আজিৰ এই অনুষ্ঠানত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হীৰেন কুমাৰ নাথ, কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ মহাপৰিদৰ্শক সোণালী বি মিশ্ৰ, সীমান্ত নিৰাপত্তা বাহিনীৰ মহাপৰিদৰ্শক কনোৱালজিৎ সিং বনোৱাল, ব্ৰিগেডিয়াৰ মেথিউ জেকব প্ৰমুখ্যে বহু গণ্য-মান্য লোক উপস্থিত থাকে।