কাৰবি আংলং জিলাৰ খটখটিত 300 বস্তা সন্দেহ জনক বাৰ্মিজ চুপাৰি জব্দ কৰে আৰক্ষীয়ে।একাংশ অসাধু চক্ৰই মণিপুৰ ডিমাপুৰ সীমান্তহৈ কাৰ্বি আংলংৰ ৩৯ নং ৰাষ্ট্রীয় ঘাইপথেৰে বৰ্হিৰাজ্যলৈ সৰবৰাহ কৰি অহাৰ সন্দেহ কৰা হৈছে বাৰ্মিজ চুপাৰিসমূহ।
খটখটি আৰক্ষীয়ে চুপাৰিসহ ট্ৰাকখনৰ চালক ৰাজস্থান বাৰমেৰ জিলাৰ বাগিৰথ শর্মা নামৰ এজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
অসম নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিত এটা মাহতে খটখটি আৰক্ষীৰ অভিযানত কেইবাখনো চুপাৰিভৰ্তি গাড়ী জব্দ হোৱাত এতিয়া যেন এনেদৰেই ৰাজ্যত বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা চলি অহাৰ সন্দেহ প্ৰকাশ কৰিছে।