ASSAM TIMES POST,নিউজ ডেস্কঃ
সংগীত নাটক অকাডেমীয়ে আজি দেশৰ ৪ গৰাকী বিশেষ ব্যক্তিলৈ ‘সংগীত নাটক অকাডেমী বঁটা’ প্ৰদানৰ কথা ঘোষণা কৰিছে৷
সংগীত নাটক অকাডেমীয়ে বঁটা প্ৰদান কৰিব খোজা বিশেষ চাৰিগৰাকী ব্যক্তিৰ ভিতৰত আছে জাকিৰ হুছেইন, সোণাল মানসিং আৰু কে কল্যাণসুন্দৰম পিল্লাইৰ নাম৷
সংগীত নাটক অকাডেমীৰ ঘোষিত বঁটাত থাকিব ৩ লাখ টকা, অংগবস্ত্ৰ আৰু তাম্ৰফলি।
মুঠ ৪৪ গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমী বঁটা প্ৰদানেৰে সন্মান দিব বিচাৰিছে৷
যতীন্দ্ৰনাথ গোস্বামীলৈ অকাডেমী ৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা সংগীত নাটক অকাডেমীয়ে ।
বিশেষ অনুষ্ঠানত ‘সংগীত নাটক অকাডেমী বঁটা’ দেষৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই বঁটা।
১৯৫২ চনৰ পৰাই সংগীত নাটক অকাডেমীয়ে প্ৰদান কৰি আহিছে এই সন্মান।