ডিফু: বিগত নিৰ্বাচন সমূহত পাহাৰীয়া জিলা কাৰবি আংলঙত কংগ্ৰেছৰ বিফলতাৰ পিছত প্ৰথমবাৰৰ বাবে জিলা কংগ্ৰেছৰ শীৰ্ষ পদত সাল সলনি ঘটাইছে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিয়ে ৷ প্ৰত্যাশিত ভাবেই জিলা কংগ্ৰেছৰ সভাপতি আসনত নিযুক্তি লাভ কৰিছে প্ৰাক্তন পাৰ্বত্য উন্নয়ণ মন্ত্ৰী তথা হাওৰাঘাটৰ প্ৰাক্তন বিধায়ক খৰছিং ইংতি আৰু কাৰ্যকৰী সভাপতি ৰূপে নিযুক্তি পাইছে কাৰবি স্বায়ত্ত পৰিষদৰ প্ৰাক্তন ই-এম অশোক টেৰণে ৷
অখিল ভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সচিব কেচি বেণু গোপালে ৭ নৱেম্বৰত এক বিবৃতি যোগে এই সিদ্ধান্তৰ কথা সদৰি কৰে ৷ উল্লেখযোগ্য যে প্ৰাক্তন তথা বয়োজ্যেষ্ট সাংসদ বীৰেণ ছিং ইংতিৰ সভাপতি পদকলৈ একাংশ কৰ্মীৰ মাজত অসন্তুষ্টি সৃষ্টি হোৱাৰ পিছত নৱনিযুক্ত সভাপতি খৰছিং ইংতিয়ে পাৰ্বত্য জিলা দুখনত কেনেদৰে কংগ্ৰেছৰ হৃত গৌৰৱ ঘূৰাই ঘূৰাই আনিব সেয়া লক্ষণীয় হৈ পৰিছে ৷