মিজো জনগোষ্ঠী সকলৰ কৃষি ভিত্তিক উৎসৱ ‘থালফাৱাকুট’ উদযাপন কৰাৰ সমান্তৰালকৈ ডিফুৰ বিৰলাৰ প্ৰেছবাইটেৰিয়েন মিছন হাইস্কুলৰ প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷কাৰবি আংলং মিজো ওৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত আয়োজিত বিশেষ সাংস্কৃতিক কাৰ্যসুচীখনত হিলছ পিপুলছ কালছাৰেল ফ’ৰামৰ শীৰ্ষ নেতা ধিৰাজ ডিফুচা বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে ৷
সভাত নিজৰ ভাষণ প্ৰসংগত এইছপিচিএফৰ নেতা ধিৰাজ ডিফুচাই এইছপিচিএফৰ মট’ থ্ৰাইভ ফৰ ইউনিটি থ্ৰ’ কালচাৰ’ৰ ওপৰত বাখ্যা আগবঢ়ায় ৷ বিশেষ সাংস্কৃতিক কাৰ্যসূচীত মিজো পৰাম্পৰাগত সাংস্কৃতিক নৃত্য গীতেৰে দৰ্শক সকলক আপ্লুত কৰা পৰিলক্ষিত হয় ৷উক্ত সাংস্কৃতিক বিশেষ কাৰ্যসূচীত কাৰবি আংলং মিজো ওৱেলফেয়াৰ ছ’চাইটিৰ শীৰ্ষ নেতা সকলৰ লগতে সদস্য সকল উপস্থিত থাকে ৷