উত্তৰাখণ্ডত তুষাৰস্খলনৰ কবলত পৰি মৃত্যু হৈছে প্ৰায় ১০ জন পর্বতাৰোহীৰ। মঙ্গলবাৰে পুৱা উত্তৰকাশী জিলাত সংঘটিত উক্ত দুর্ঘটনাত এই পর্যন্ত ১৮ জন পর্বতাৰোহী নিখোঁজ হৈ আছে। ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশঙ্কা কৰা হৈছে।
গাড়ৱাল হিমালয়ৰ ‘দ্রৌপদী কা ডান্ডা’ শিখৰৰ অদূৰত মঙ্গলবাৰে পুৱা ৯ বজাত তুষাৰস্খলনৰ ঘটনা ঘটে। দুর্ঘটনাৰ কবলত পৰা পর্বতাৰোহীসকল উত্তৰাখণ্ডৰ উত্তৰকাশীৰ পর্বতাৰোহণ প্রশিক্ষণকেন্দ্র ‘নেহৰু ইনষ্টিটিউট অব মাউন্টেনিয়াৰিং’ (নিম)-ৰ শিক্ষার্থী আৰু প্রশিক্ষক।
নিমৰ বিষয়া কর্নেল অমিত বিষ্টে মঙ্গলবাৰে সন্ধ্যা জনাইছে, দলটোত মুঠ ৩৪ জন আছিল। প্রায় ১৬ হাজাৰ ফুট উচ্চতাত তুষাৰস্খলনৰ কবলত পৰা ১০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ১৮ জন এতিয়াও নিখোঁজ।
উত্তৰাখণ্ড চৰকাৰে জনোৱা মতে, খবৰ পোৱা মাত্ৰেই দ্রুততাৰে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে সেনা, ইন্দো-তিব্বত সীমান্ত আৰক্ষী আৰু ৰাষ্ট্ৰীয় বিপর্যয় মোকাবিলা দল (এনডিআৰএফ)-ৰ উদ্ধাৰকাৰী বাহিনীয়ে। সন্ধ্যা পর্যন্ত নিখোঁজসকলৰ সন্ধান চলিছে। কিন্তু প্রতিকূল পৰিৱেশৰ কাৰণে নিশাৰ অন্ধকাৰত উদ্ধাৰ কাৰ্য ব্যাহত হৈছে।