স্বাধীন ভাৰতৰ ইতিহাসত প্রথমবাৰ ভাষাৰ ভিত্তিত অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্রক্রিয়াৰ সূচনা কৰিলে নৰেন্দ্র মোদী চৰকাৰে। মঙ্গলবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰিৰ জনসভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জনাইছে, গুজ্জৰ আৰু বকৰৱালসকলৰ পিছত এইবাৰ পাহাৰী জনগোষ্ঠীকো অনুসূচিত জনজাতিৰ মর্যাদা দিয়া হ’ব।
সাংবিধানিক বিধি মানি চৰকাৰী শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত পাহাৰী জনগোষ্ঠীৰ প্রতিনিধিসকলে সংৰক্ষণৰ সুবিধা পাব বুলিও জনাইছে শ্বাহে। তেওঁ কয়, ‘‘৩৭০ ধাৰাত জম্মু-কাশ্মীৰক বিশেষ মর্যাদা দিয়াৰ ব্যৱস্থা বাতিল হোৱাৰ ফলতেই এই ধৰণৰ সংৰক্ষণ সম্ভব হৈছে। এইবাৰ জম্মু-কাশ্মীৰৰ সংখ্যালঘু, দলিত, আদিবাসী, পাহাৰীসকলে তেওঁলোকৰ ন্যায্য অধিকাৰ পাব।’’
উল্লেখ্য, ভাৰতীয় সংবিধান অনুযায়ী ভাষাগত ভিত্তিত কোনো জনগোষ্ঠীক সংৰক্ষণৰ সুবিধা দিয়াৰ ব্যৱস্থা নাই। পাহাৰীসকলৰ বাবে সেয়ে প্রয়োজনীয় সংশোধনী বিল সংসদত গৃহীত কৰাব লাগিব মোদী চৰকাৰে। জম্মু-কাশ্মীৰত পাহাৰীসকলৰ মুঠ সংখ্যা ৬ লাখৰ অধিক। তেওঁলোকৰ হিন্দু হিন্দু ৫৫ শতাংশ। মুছলিম প্রায় ৪৫ শতাংশ।