দুৰ্গাপূজাৰ আনন্দ উল্লাসৰ মজতে লংকাত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে টেতু চেপি হত্যা কৰিলে পত্নীক। স্বামীৰ নাম গুলজাৰ হুছেইন। হত্যাকাণ্ড সংঘটিত কৰি সম্প্ৰত্তি পলাতক স্বামী। পত্নীৰ নাম ৰুহিনা ইয়াচমিন।
লংকাৰ ২নং পাঞ্চালি গাঁৱত সংঘটিত উক্ত ঘটনা। পত্নী ইয়াচমিনা বেগমক শোৱা পাতনিতে স্বামীয়ে টেতু চেপি হত্যা কৰি নিশায়ে পলায়ন কৰে ঘৰৰ পৰা। ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত। মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।