আজি শাৰদীয় দুৰ্গাপূজাৰ মহা নৱমী । ইতিমধ্যে ৰাজ্যবাসীৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন পূজাস্থলীলৈ গৈ দেৱীৰ আশিস লোৱাৰ লগতে সকলোৰে পূজাৰ আনন্দ উপভেগ কৰিছে । আজি নৱমীৰ দিনটোত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত কেইবাখনো পূজাস্থলীত উপস্থিত হৈ পূজা-অৰ্চনা কৰে ।
মুখ্যমন্ত্রীয়ে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড দুৰ্গাপূজাত উপস্থিত হৈ মা দুৰ্গাক সেৱা জনোৱাৰ লগতে দেৱী মাৰ শ্ৰীচৰণত সেৱা জনাই অসমবাসীৰ কল্যাণ কামনা কৰে । ইয়াৰ পাছত উত্তৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ দুৰ্গা পূজাত পূজা দিয়ে ।
আনহাতে, উত্তৰ গুৱাহাটীৰ অভয়পুৰত উত্তৰাঞ্চল বাৰোৱাৰী দুৰ্গাপূজা সমিতিৰ উদ্যোগত আয়োজিত পূজাতো উপস্থিত হৈ মা দুৰ্গাৰ আশিস গ্ৰহণ কৰে । ইয়াৰ উপৰি মুখ্যমন্ত্রীয়ে ৰুদ্ৰেশ্বৰৰ ৭৯ সংখ্যক ৰংমহল সমাজ কল্যাণ দুৰ্গা পূজা, উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ দুৰ্গা পূজা, দুমুনীচকী সাৰ্বজনীন দুৰ্গা পূজা, শালমাৰা সাৰ্বজনীন দুৰ্গা পূজা, বেজেৰা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাকে ধৰি কেইবাখনো পূজাস্থলীত উপস্থিত হৈ মা দুৰ্গাৰ ওচৰত সেৱা জনায় ।