চিকিৎসাশাস্ত্রত এই বছৰ নোবেল পুৰস্কাৰ লাভ কৰিছে ছুইডিচ বিজ্ঞানী সভান্তে প্যাবোৱে। সোমবাৰে এই পুৰস্কাৰ ঘোষণা কৰা হয়। ইয়াৰ জৰিয়তে নোবেল পুৰস্কাৰ-২০২২ বিজয়ীসকলৰ নাম ঘোষণা আৰম্ভ হয়।
মার্কিন সংবাদ মাধ্যম নিউইয়র্ক টাইমছ মতে, বিলুপ্তপ্রায় হোমিনিডছ আৰু মানৱ বিবর্তনৰ জিনোম সম্পর্কিত আবিষ্কাৰৰ বাবে সোমবাৰে সভান্তে প্যাবোক ফিজিওলজি বা মেডিচিনত নোবেল বঁটা প্ৰদান কৰা হয়। ছুইডেনৰ কেৰোলিনস্কা ইনষ্টিটিউট চিকিৎসা বিজ্ঞানত চলতি বছৰৰ বিজয়ী হিচাবে প্যাবোৰ নাম ঘোষণা কৰা হয়।
কেৰোলিনস্কা ইনষ্টিটিউটে এক বিবৃতিত জনাইছে, চিকিৎসাত নোবেলজয়ী বিজ্ঞানীজনে পুৰস্কাৰ হিচাবে ১ কোটি ছুইডিচ ক্রোনাৰ (৯ লাখ ডলাৰ) পাব। বিগত বছরৰততাপমাত্রা আৰু স্পর্শৰ বাবে ৰিচেপ্টৰ আবিষ্কাৰৰ গৱেষণাত চিকিৎসাবিজ্ঞানত যৌথভাবে নোবেল বঁটা লাভ কৰিছিল লেবানিজ বংশোদ্ভৱ মার্কিন বিজ্ঞানী আর্ডেম পাতাপুতিয়ান আৰু মার্কিন বিজ্ঞানী ডেভিড জুলিয়াছে।
প্রতি বছৰে অক্টোবৰৰ প্রথম সোমবাৰৰ পৰা আৰম্ভ হয় নোবেল বিজয়ীসকলৰ নাম ঘোষণা। সেই হিচাবে এইবাৰো নোবেল বিজয়ীসকলৰ নাম ঘোষণা আৰম্ভ হয় সোমবাৰৰ পৰা।