শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ ভিয়েনাৰ বৈঠকত চীনৰ প্ৰস্তাৱৰ মুকলি বিৰোধিতা কৰি ভাৰতে অষ্ট্ৰেলিয়াক এখন পাৰমাণৱিক চাবমেৰিন লাভ কৰাত সহায় কৰিছে। আৰু এসপ্তাহৰ ভিতৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলৈ গৈ আছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ।
৬ৰ পৰা ১১ অক্টোবৰলৈ এই দীঘলীয়া ভ্ৰমণত অষ্ট্ৰেলিয়াৰ লগতে নিউজিলেণ্ড ভ্ৰমণ কৰিব বৈদেশিক মন্ত্ৰীগৰাকীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, জয়শংকৰে অষ্ট্ৰেলিয়াৰ কেনবেৰা আৰু ছিডনী ভ্ৰমণ কৰিব।
চলিত বৰ্ষত তেওঁৰ এইটো দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ ফেব্ৰুৱাৰী মাহত মেলবৰ্ণলৈ গৈছিল চতুৰ্ভুজ অক্ষ বা কোৱাডৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ।
এই ভ্ৰমণত জয়শংকৰে অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱাঙৰ সৈতে তেৰ সংখ্যক বৈদেশিক মন্ত্ৰীৰ আন্তঃগাঁঠনি আলোচনাত যোগদান কৰিব।
তদুপৰি, তেওঁ দেশৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছৰ সৈতে এক বৈঠকত মিলিত হʼব। অষ্ট্ৰেলিয়ান নৌসেনাৰ সৈতেও আলোচনা হʼব। বিশেষজ্ঞসকলৰ মতে, আগন্তুক ভ্ৰমণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ কূটনীতিৰ বাবে অতি তথ্যসমৃদ্ধ হʼবলৈ গৈ আছে। বিশেষকৈ সেই দেশৰ নৌসেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে হোৱা বৈঠক।
জলপথৰ ওপৰত চীনৰ একচেটিয়া অধিকাৰ ভংগ কৰিবলৈ মিত্ৰতা গঢ়ি তোলা দেশসমূহৰ ভিতৰত অষ্ট্ৰেলিয়া আৰু ভাৰত অন্যতম। এই ক্ষেত্ৰত কোৱাডৰ জৰিয়তে সমন্বয় আছে। ইয়াৰ উপৰি নতুন দিল্লীয়ে দ্বিপাক্ষিক পৰ্যায়তো অষ্ট্ৰেলিয়াৰ সৈতে কৌশলগত আদান-প্ৰদান আগবঢ়াই নিবলৈ আগ্ৰহী। পাৰমাণৱিক চাবমেৰিন সম্পৰ্কীয় ভাৰতীয় পদক্ষেপৰ লগে লগে ই পোহৰলৈ আহিছে।
জানিব পৰা মতে, দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰা হʼব। ইউক্ৰেইন যুদ্ধ, টাইৱানৰ পৰিস্থিতি, চীনৰ ভৌগোলিক আগ্ৰাসনৰ নীতিও আহিব।