ৰাজ্যত এইবেলি উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা। কোভিড পৰিবেশৰ পিছত এইবাৰ ভক্তসকলে মুকলিমূৰীয়াকৈ পালন কৰিছে দুৰ্গা পূজা।আজি হৈছে মহা অষ্টমী। অৱশ্যে দেওবাৰে নিশাৰ পৰা আৰম্ভ হোৱা বৰষুণ ঠাই বিশেষে এতিয়াও অব্যাহত আছে যদিও ভক্তপ্ৰাণ ৰাইজৰ উৎসাহ-উদ্দীপনা এতিয়াও কমা নাই।
যথাবিহীত ৰীতি-নীতি আৰু পৰম্পৰাৰে আজি পালন কৰা হৈছে মহা অষ্টমী। সন্ধিয়াৰ ফালে অনুষ্ঠিত হ’ব সন্ধি পূজা।আজি দুৰ্গা পূজাৰ মহা অষ্টমীৰ দিনাখন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ কেইবাখনো ঐতিহাসিক পূজাস্থলী দৰ্শন কৰি পূজা-অৰ্চনা আগবঢ়ায়।
চলিত বৰ্ষত ১২৬ সংখ্যক বৰ্ষত ভৰি দিয়া আমোলাপট্টী নাট্য মন্দিৰৰ পূজাস্থলীত উপস্থিত হৈ মা দুৰ্গাৰ শ্ৰীচৰণত ভক্তি অঞ্জলি অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে। এক সুন্দৰ ব্যৱস্থাপনাৰ মাজেৰে ভক্তিপ্ৰাণ ৰাইজক পূজা-অৰ্চনা আগবঢ়াবলৈ কৰি দিয়া সুবিধাৰ বাবে আয়োজকসকললৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, নগাঁও বাংলা সন্মিলনীৰ ১৩০সংখ্যক পূজাস্থলীতো সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে।একেদৰে নগাঁওস্থিত ৰামকৃষ্ণ মিছন সেৱা সমিতিত দুৰ্গাপূজা উপলক্ষে আজি মহাষ্টমীৰ দিনটোত উপস্থিত হৈ শ্ৰীশ্ৰী ৰামকৃষ্ণ পৰমহংস, মা সৰদা দেৱী আৰু স্বামী বিবেকানন্দৰ শ্ৰীচৰণত প্ৰণাম জনাই নিজকে পৰম সৌভাগ্যৱান হিচাপে অনুভৱ কৰা বুলি জনায় হিমন্ত বিশ্ব শৰ্মাই।
লগতে সেৱা সমিতিৰ কৰ্মকৰ্তাসকলৰ সৈতে কিছুসময় মত-বিনিময় কৰাৰ লগতে পুনৰবাৰ সেৱা সমিতিত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।একেদৰে ১৫৩ বছৰীয়া বীণাপানি দুৰ্গা পূজা, স্বচ্ছতাকর্মী দুৰ্গা পূজাৰ দৰে কেইবাখনো পূজাস্থলী দৰ্শন কৰি দেৱী দুৰ্গাক সেৱা আগবঢ়ায়।উক্ত সময়ছোৱাত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কসকল ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসে।