কাছাৰ জিলাৰ ধলাই আৰক্ষীয়ে আজি জব্দ কৰিবলৈ সক্ষম হৈছে ৩ খন চুপাৰী ভৰ্তি বাহন। মিজোৰামৰ পৰা শিলচৰ অভিমুখী এই বাহন তিনিখন সহ মুঠ ৩৩৫ টা বস্তা বাৰ্মিজ চুপাৰী দেওবাৰে ৰাতিপুৱাই জব্দ কৰে ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে।
চুপাৰিৰ লগতে ৩ জন সৰবৰাহকাৰীক ক্আৰক্ষীয়ে আটক ৷ ধৃত সৰবৰাহকাৰী কেইজন হাইলাকান্দি জিলাৰ আলগাপুৰৰ চেবুল উদ্দিন চৌধুৰী আৰু আলি আহমেদ লস্কৰৰ লগতে আন জন শিলচৰ মেহেৰপুৰৰৰ মান্না দাস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ বাৰ্মিজ চুপাৰী আছিল AS 11 DC 8606 নম্বৰৰ এখন বলেৰোত আৰু AS 26 C 9244 নম্বৰৰ ট্ৰাক দুখনত।