২১০ জন বিদেশী ন্যায়াধিকৰণৰ সদস্যক তিনি বছৰ ধৰি থাকিবলৈ দিয়া হৈছে কোটি কোটি টকা ব্যয় কৰি। সেয়ে অসম চৰকাৰে কেন্দ্ৰক জনাইছে যে তেওঁলোকৰ কাৰ্যকাল বৃদ্ধি কৰাটো অৰ্থহীন। গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰে শপতনামা। এন আৰ চিৰ তালিকাৰ পৰা ১৯,০৬,৬৫৭ গৰাকী আবেদনকাৰীক প্ৰত্যাখ্যান পত্ৰ দিয়াৰ প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই।
তাৰ মাজতে বৰ্তমানৰ এন আৰ চিৰ প্ৰাসংগিকতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। গোচৰটো অব্যাহত আছে।পুনৰ ১০০ শতাংশ পুনৰ পৰীক্ষণৰ দাবী কৰা হৈছে। যাৰ বাবে নাম বাদ পৰাসকলৰ বিচাৰ কেতিয়া আৰম্ভ হʼব সেয়া স্পষ্ট হোৱা নাই। ইতিমধ্যে ৰাজ্যত ১০০ খন বিদেশী ন্যায়াধিকৰণ আছিল। নাম বাদ পৰা সকলৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আৰু ৪০০ বিদেশী ন্যায়াধিকৰণ স্থাপনৰ বাবে ৰাজ্যৰ পৰা ৫৬৫ কোটি ৬০ লাখ টকা বিচাৰিছে।
পিছত এই সংখ্যা সম্প্ৰতি ২০০ লৈ হ্ৰাস কৰা হয়। সাক্ষাৎকাৰৰ পৰ্যায়ৰ অন্তত ২১০ জন লোকক নিযুক্তি দিয়া হয়। অন্য সুবিধা বাদ দি তেওঁলোকৰ মাহিলি দৰমহা আছিল ৯০ হাজাৰ টকা। কিন্তু এই বছৰৰ পৰা তেওঁলোকৰ দৰমহা অনিয়মীয়া হৈ পৰে। কেইবামাহো দৰমহা দিয়া হোৱা নাই।
দুশৰো অধিক ন্যায়াধিকৰণ সদস্যৰ নিয়মীয়া ভাট্টা নিদিয়াৰ গোচৰৰ বাবে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত কয় যে ইমানবোৰ সদস্যক বহি বহি দৰমহা দিয়াৰ কোনো যুক্তি নাই। তেওঁলোকৰ বৰ্ধিত কাৰ্যকালো ২২ ছেপ্টেম্বৰত সমাপ্ত হয়। সেয়ে কার্যকাল বৃদ্ধি নকৰিবলৈ কেন্দ্রলৈ পত্ৰ প্রেৰণ কৰা হৈছে৷ অৱশ্যে সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।
আদালতে কয় যে যেতিয়ালৈকে প্ৰত্যাখ্যান পত্ৰ প্ৰদান কৰা নহয় তেতিয়ালৈকে তেওঁলোকৰ বকেয়া ধন অন্য গোচৰ নিষ্পত্তিৰ বাবে ব্যৱহাৰ কৰিব লাগে। ২১০ জন বিদেশী ন্যায়াধিকৰণৰ সদস্য নিযুক্তিৰ উপৰি ৰাজ্য চৰকাৰে ন্যায়াধিকৰণৰ কাম-কাজত সহায়ক হোৱাকৈ ১৬০০ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বাছনি কৰে। কিন্তু অতিৰিক্ত ন্যায়াধিকৰণৰ গুৰুত্বহীনতাৰ বাবে সেই ১৬০০ জনৰ নিযুক্তিও বাতিল হʼবলৈ গৈ আছে৷ কিন্তু কেন্দ্ৰলৈ প্ৰেৰণ কৰা পত্ৰখনত ৰাজ্য চৰকাৰে লিখিছে যে আৰ জি আইয়ে এন আৰ চি গ্ৰহণ কৰি প্ৰত্যাখ্যান পত্ৰ প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ হʼলে পুনৰ সেই সদস্য আৰু কৰ্মচাৰী সকলক ব্যৱহাৰ কৰা হʼব।