দেশত 5G সেৱা উদ্বোধন কৰাৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে এটা চমক। নতুন দিল্লীত বহি প্ৰধানমন্ত্ৰীয়ে 5G নেটৱৰ্ক ব্যৱহাৰ কৰি ইউৰোপৰ ৰাজপথত গাড়ী চলাইছে। গাড়ীখন আছিল ছুইডেনৰ এটা নিৰ্দিষ্ট পথত। নতুন দিল্লীৰ পৰা ষ্টিয়াৰিং ঘূৰাই গাড়ীখন কিছু দূৰলৈ লৈ গʼল মোদীয়ে।
ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ জৰিয়তে আজি দেশৰ নিৰ্বাচিত চহৰসমূহত 5G সেৱা আৰম্ভ কৰা হয়। ইয়াৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। তাত থকা এটা বুথত বহি ইউৰোপৰ ৰাস্তাত এখন গাড়ীক টেষ্ট ড্ৰাইভ দিলে প্ৰধানমন্ত্ৰীয়ে। নতুন দিল্লীৰ পৰা 5G সেৱাৰ জৰিয়তে বাহনখন নিয়ন্ত্ৰণ কৰা হৈছিল।
ভিডিঅʼটো টুইট কৰিছে প্ৰসাৰ ভাৰতীয়ে। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলেও টুইট কৰি এই ভিডিঅʼটো প্রকাশ কৰিছে৷ ইয়াৰ উপৰি তেওঁ লিখিছে, “নৰেন্দ্ৰ মোদীজীয়ে ভাৰতৰ 5G নেটৱৰ্ক ব্যৱহাৰ কৰি নতুন দিল্লীত বহি ইউৰোপৰ পথত গাড়ী চলাইছে।”
ইণ্ডিয়া মোবাইল কংগ্ৰেছ হৈছে এছিয়াৰ সৰ্ববৃহৎ প্ৰযুক্তি মঞ্চ। এইবাৰ ষষ্ঠ বছৰত ভৰি দিছে। আজিৰ পৰা আৰম্ভ হোৱা এই কংগ্ৰেছ ৪ অক্টোবৰলৈকে চলিব। তাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৩খন চহৰত 5G সেৱা উদ্বোধন কৰে। পঞ্চম প্ৰজন্মৰ মোবাইল সংযোগ সেৱা অহা কেইবছৰমানৰ ভিতৰত সমগ্ৰ দেশতে বিয়পি পৰিব বুলি ধাৰণা কৰা হৈছে।