‘যিজনাই দুৰ্যোগ বা সংকটৰ পৰা ৰক্ষা কৰে’ তেওঁ মাতৃ দুৰ্গা। নতুবা ‘অসুৰ বধ কৰা দেৱী’ হʼল দেৱী দুৰ্গা। আমি তেওঁক বহুতো নামেৰে জানো। যেনে চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণৱী, মহিষাসুৰসংহাৰিণী নাৰায়ণী, মহামায়া, কাত্যায়নি ইত্যাদি।
দেৱী ভাগৱত আৰু কালিকা পুৰাণত উল্লেখ আছে যে শৰৎকালত শ্ৰীৰামচন্দ্ৰই ৰাৱণ বধৰ নিমিত্তে দুৰ্গা পূজা কৰিছিল; সেইবাবেই ‘অকাল বোধন’ বুলিও কোৱা হয়।
আহকচোন জানি লওঁ এইবাৰৰ দুৰ্গা পূজাৰ সূচী।
বিশুদ্ধ সিদ্ধান্ত কেলেণ্ডাৰ অনুসৰি –
ষষ্ঠী তিথি আৰম্ভ – ১৩ আহিন, ৩০ ছেপ্টেম্বৰ, শুকুৰবাৰ। সময় নিশা ১০:৩৮:৯০ বজা।
ষষ্ঠী তিথিৰ অন্ত- ১৪ আহিন, ১ অক্টোবৰ, শনিবাৰ। সময়- ৮:৩৫:৫০ বজাত।
সপ্তমী তিথি আৰম্ভ – ১৪ আহিন, ১ অক্টোবৰ, শনিবাৰ। সময় ৮:৩৫:৫১ বজা।
সপ্তমী তিথি সমাপ্ত -১৫ আহিন, ২ অক্টোবৰ, দেওবাৰ।
অষ্টমী তিথি আৰম্ভ – ১৫ আহিন, ২ অক্টোবৰ, দেওবাৰ।
সময় – সন্ধিয়া ৬:২১:২৭ বজা।
অষ্টমী তিথিৰ অন্ত – ১৬ আহিন, ৩ অক্টোবৰ, সোমবাৰ।
সময়- পুৱা ৩:৫৯:১ বজাত।
সন্ধি পূজা বিয়লি ৩:৩৫:১২ বজাৰ পৰা বিয়লি ৪:২৩:১২ বজাৰ ভিতৰত। ৩:৩৫:১ বজাত আৰম্ভ হয় সন্ধি পূজা। ৩:৫৯:১ বজাৰ পৰা বলিদান। ৪:২৩:১০ বজাত সন্ধিপূজা সম্পূৰ্ণ।